অন্যান্য

 আলোকচিত্ৰ প্ৰতিযোগিতা
লেখক:  উদ্দীপ তালুকদাৰ

সুখৰ কথা যে মোৰ নিচিনা বহুতেই কম্পিউটাৰ-ইণ্টাৰনেট আদি কি বস্তু ভালকৈ নজনা দিনতে আজিৰপৰা দহ বছৰ আগতে অসমীয়া ৱিকিপিডিয়াৰ আৰম্ভণি কৰি থৈছিল। অৱশ্যে দহটা বছৰে আশা কৰা ধৰণে অসমীয়া ৱিকিপিডিয়া থন ধৰি উঠিব নোৱাৰিলে। কিন্তু যোৱা দুটা বছৰত অসমীয়া ৱিকিপিডিয়াৰ প্ৰতি ৰাইজৰ আগ্ৰহ আকৌ বাঢ়ি আহিছে আৰু খুব খুব লাহে অসমীয়া ৱিকিপিডিয়াও সমৃদ্ধ হ'বলৈ আৰম্ভ কৰিছে।গতিকে দহ বছৰ পূৰ্ণ হোৱা উপলক্ষত সৰুকৈ হ'লেও কিবা এটা কৰিবলৈ বৰ্তমানৰ সদস্যসকলে আগ্ৰহ কৰিব বুলিয়েই মোৰ বিশ্বাস। কিন্তু মই নিজে আৰু মোৰ দৃঢ় বিশ্বাস যে ৱিকিপিডিয়াৰ লগত বৰ্তমান লাগি থকা সকলোৱে এইটো নিশ্চয় অনুভৱ কৰে যে দহ বছৰীয়া জন্মদিনৰ নামত অকল আনন্দ কৰিব পৰা অৱস্থা এটা আমি এতিয়াও পোৱা নাই। সেয়ে দহ বছৰ পূৰ্তিৰ উৎসৱটোক অকল উদ্‌যাপন নকৰি ৱিকিপিডিয়াৰ বাবে সহায়ক হোৱা কিবা এটা কৰি যাব পাৰিলেহে মূহুৰ্তটো আমি ভালকৈ উপভোগ কৰিব পাৰিম।

তেনেকুৱা কি কৰা যায় ধৰণৰ চিন্তা এটা মনত আছিলেই। তেতিয়াই জ্যোতিয়ে তামিল ৱিকিত আজি কিছুদিন আগেয়ে হৈ যোৱা আলোকছবি প্ৰতিযোগিতাখনৰ মেইল এখন পঠিয়ায়। তাৰ পাছত বিষ্ণুৱে একে উপায়েৰে অসমীয়া ৱিকিপিডিয়াত ছবি সংগ্ৰহৰ কাম আৰম্ভ কৰিব পাৰি বুলি পোষ্টটো আগবঢ়ালে। মোৰ বোধেৰে এইটো এটা সুন্দৰ প্ৰস্তাৱ। মই মাত্ৰ সৰু সংযোজন এটা কৰি দিলোঁ যে ছবিৰ লগতে আমি ভাল প্ৰৱন্ধৰো প্ৰতিযোগিতা এখন পাতিব পাৰোঁ।

এতিয়া ফেচবুকত আৰু আগতে অৰ্কূটত প্ৰায়ে দেখোঁ বহুত সদস্যই নিতে বহুত আগ্ৰহজনক ছবি তুলি প্ৰকাশ কৰে আৰু ছবিবোৰত ৰাইজৰ মন্তব্য পালে সকলোৱে আনন্দ পায়। আমি ঠিক সেই আনন্দকণকে সাৰোগত কৰি তাক ৱিকিপিডিয়াৰ কাৰণে ব্যৱহাৰ কৰাৰ কথা ভাবিছোঁ। অসম বিষয়ক যিকোনো আলোক-ছবি (অৱশ্যে সেই ছবি কোনো এটা বিশ্বকোষীয় তথ্যৰ লগত জড়িত হ'ব লাগিব) ৰাইজে ৱিকিপিডিয়াৰ ব্যৱহাৰৰ বাবে আগবঢ়াব আৰু তাৰে মাজৰপৰা যিকেইখন ছবিয়ে তথ্য প্ৰকাশৰ লগতে কলাত্মক দিশতো বিশেষ উৎকৰ্ষ দেখুৱাব পাৰে, তেনে ছবিক পুৰস্কৃত কৰা হ'ব। ইয়াৰদ্বাৰা ছবি তোলাসকলে নিজৰ কৰ্মক এটা বহল ভিত্তিত প্ৰদৰ্শন কৰাৰ উপৰিও বিশেষজ্ঞৰ দ্বাৰা প্ৰশংসিত হোৱাৰ গৌৰৱকণ লাভ কৰিব পাৰিব, লগতে সমগ্ৰ ছবিৰ সংগ্ৰহটোৱে অসমীয়া ৱিকিপিডিয়াক ধনী কৰি ৰাখিব।

নিয়মিত প্ৰৱন্ধ লিখা সকলে নিশ্চয় দেখিছে কেনেকৈ অসম বিষয়ক চিত্ৰৰ প্ৰয়োজন হ'লে বিচাৰি পোৱাত অসুবিধা হয়। নেটত যিখিনি পোৱা যায়, সেইখিনিকো অনুজ্ঞাৰ অসুবিধাৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰি।আমি আঁচনি কৰা মতে এনেকুৱা ছবিৰ বাবে প্ৰথমে প্ৰচাৰ চলোৱা হওঁক, ছবিখিনি ৱিকিপিডিয়াত আপলোড হোৱাৰ পাছত বিশেষজ্ঞসকলৰ মণ্ডলীয়ে ছবিসমূহ চাওঁক আৰু তাৰ ভিতৰত উৎকৃষ্ট ছবিকেইখন বিচাৰি উলিয়াওঁক। মূল নিয়ম এইখিনিয়েই, ছবিৰ সংখ্যা আদিৰ ওপৰত নিৰ্ভৰ কৰি বাচনি প্ৰক্ৰিয়াত প্ৰয়োজনবোধে সালসলনি কৰিব পৰা যাব।

কিন্তু ভালৰো ভাল ছবিখিনি বিচাৰি উলিওৱাৰ লগতে আমাৰ মূল উদ্দেশ্য ৱিকিপিডিয়াত অসম সম্বন্ধীয় ছবিৰ সংখ্যা বিস্তাৰ কৰা। সেয়ে সৰ্বশ্ৰেষ্ঠ ছবিৰ লগতে আটাইতকৈ বেছি ছবি দান কৰা, দুষ্প্ৰাপ্য বিধৰ ছবি দান কৰা প্ৰতিযোগীলৈও পুৰস্কাৰ ৰখাৰ কথা ভবা হৈছে। এই বিষয়ে প্ৰস্তাৱিত নীতি-নিয়ম সোনকালেই দাঙি ধৰা হ'ব।

এই ছবিসমূহক পুৰস্কৃত কৰাৰ বাবে অসমীয়া ৱিকিপিডিয়াৰ দহ বছৰ পূৰ্তিৰ দিনটো বাচি লোৱা হৈছে। সেইদিনা সৰুকৈ হ'লেও সভা এখন অনুষ্ঠিত কৰি পুৰস্কাৰখিনি বিতৰণ কৰিব পাৰিলে প্ৰতিযোগীসকলৰ মনোবল বঢ়োৱাৰ উপৰিও উপস্থিত ৰাইজৰ মাজত ৱিকিপিডিয়া সম্বন্ধে জাগৰণ সৃষ্টি কৰাৰ লগতে দূৰে দূৰে থকা আমাৰ পুৰণি সদস্যসকলো লগ হোৱাৰ সুযোগ এটা পোৱা যাব।

এই সভাখনতে ছবিৰ লগতে শ্ৰেষ্ঠ প্ৰৱন্ধৰ বাবেও দুটামান বঁটা আগবঢ়োৱাৰ কথা ভবা হৈছে। ৱিকিপিডিয়াৰ বাহিৰেও আৰু এটা কাৰণত মই এইটো প্ৰয়োজনীয় বুলি ভাবোঁ। অসমত উপন্যাস, গল্প, কবিতা আদিৰ চৰ্চা নতুন লেখকসকলে কৰে, কিন্তু প্ৰৱন্ধ বিশেষকৈ তথ্যকোষীয় প্ৰৱন্ধৰ বাবে আগ্ৰহ অতি কম। শ্ৰেষ্ঠ প্ৰৱন্ধৰ বঁটাটোৱে এই বিষয়ত আগ্ৰহী কিছুলোক সৃষ্টি কৰিব পাৰিব মোৰ বিশ্বাস। নিৰপেক্ষতা, তথ্যৰ যৌক্তিক বিশ্লেষণ আৰু একোটা বিষয়ক নিৰ্মোহ বস্তুনিষ্ঠতাৰে চোৱাৰ যিটো মানসিকতাৰে তথ্যকোষীয় প্ৰৱন্ধ গঢ় লৈ উঠে, সেইটোৰ এটা অংকুৰ ৱিকিপিডিয়াৰ শ্ৰেষ্ঠ প্ৰৱন্ধৰ বঁটাটোৱে ৰোপন কৰিব পাৰিলে সেইটো অসমীয়া সাহিত্যৰ জগতত এটা অত্যন্ত উল্লেখনীয় অৱদান হ'ব সেইটোত বোধকৰোঁ সকলোৱে সন্মতি জনাব।

কিন্তু সভা এখন পাতিবলৈ মনোভাৱৰ লগতে আৰ্থিক আৰু কায়িক শ্ৰমৰো প্ৰয়োজন হ'ব। আৰ্থিক দিশটোৰ বাবে আমি অকল স্বেচ্ছামূলক অৱদানৰ কথা ভাবিছোঁ। যিয়ে ইচ্ছা কৰে তেওঁ নিজৰ ইচ্ছা-সামৰ্থ্য অনুসাৰে অলপ অৰ্থ-সাহায্য আগবঢ়াব। কিন্তু এই ক্ষেত্ৰত কোনেও pressurised অনুভৱ কৰিব নালাগে। যদি প্ৰয়োজনীয় অৰ্থ সংগ্ৰহ নহয়গৈ, তেন্তে আমি সভাখন অনুষ্টুপীয়া কৰি গৈ থাকিম। প্ৰয়োজন বোধে সভা পাতিব নোৱাৰিলেও নাই, কিন্তু যিখিনি অৰ্থ সংগ্ৰহ হয়, তাৰেপৰা ছবি আৰু প্ৰৱন্ধ প্ৰতিযোগিতাৰ পুৰস্কাৰখিনি অন্তত: আগবঢ়াব পৰা যাব বুলিয়েই মোৰ বিশ্বাস। আৰু মোৰ অতি ব্যক্তিগত মত: অৰ্থ সংগ্ৰহৰ কথাটো অকল এইটো গোটতে আৱদ্ধ থাকক। অইন গোটত ছবি আৰু প্ৰৱন্ধৰ প্ৰতিযোগিতাৰ কথা নিশ্চয় যাব, কিন্তু অৰ্থ সংগ্ৰহৰ কথাটো গোটৰ ভিতৰতে থাকক।

ছবি আৰু প্ৰৱন্ধ প্ৰতিযোগিতাৰ বাবে আমি ফেচবুক আৰু অৰ্কূটৰ বাহিৰতো অলপ প্ৰচাৰ চলোৱা উচিত বুলি মই ভাবোঁ। বাতৰি-কাকতলৈ এটা বিজ্ঞপ্তি আৰু অন্তত: বিশ্ববিদ্যালয়কেইখন আৰু কলেজ আৰু বিদ্যালয়ৰ (অন্তত: কেইখনমানত পৰা যাব) জাননী-ফলকত এই প্ৰতিযোগিতাৰ জাননী উলিয়াব পাৰি।ছবি প্ৰতিযোগিতাৰ আৰু প্ৰৱন্ধ প্ৰতিযোগিতাৰ খচৰা এখন যুগুতাই সোনকালেই আগবঢ়াই আছোঁ। কিন্তু সকলোখিনি প্ৰস্তাৱিতহে। আপোনালোকে আপত্তি প্ৰকাশ কৰিবলৈ বা পৰামৰ্শ আগবঢ়াবলৈ পিছ নুহুহুকিব। দুইদিনমান আলোচনাৰ বাবে ৰাখি তাৰ পাছতহে নীতি-নিয়ম ফাইনেল কৰা হ'ব।

No comments: