Friday, April 20, 2012

সকলোৱে কিবা কিবি লিখকচোন|

Thursday, April 19, 2012

ৱিকিপিডিয়া হৈছে অব্যৱসায়ীক ৱিকিমিডিয়া ফাউণ্ডেশ্যন সমৰ্থিত এখন মুক্ত, ৱেব-ভিত্তিক, সহযোগীতামূলক, বহুভাষিক বিশ্বকোষ প্ৰকল্প । বিশ্বৰ বহুতো স্বেচ্ছাসেৱকে সহযোগীতাৰে ইংৰাজীত প্ৰায় ১৯ মিলিয়ন প্ৰৱন্ধ লিখি উলিয়াইছে। যিকোনো মানুহে প্ৰায় সকলো প্ৰৱন্ধই সম্পাদনা কৰিব পাৰে আৰু ইয়াৰ প্ৰায় ৯০,০০ সক্ৰিয় অৱদানকাৰী আছে।  জুলাই ২০১১ লৈকে ২৮২ তা ভাষাত ৱিকিপিডিয়াৰ সংস্কৰণ আছে। ৩৬৫ মিলিয়ন পঢ়ুৱৈৰে আৰু এলেক্সাত সকলো ৱেবচাইটৰ ভিতৰত সপ্তম স্থানেৰে ই বিশ্বৰ সৰ্ববৃহৎ আৰু ইণ্টাৰনেটৰ সৰ্বাধিক জনপ্ৰিয় সাধাৰণ প্ৰসংগ কৰ্ম ।

২০০১ চনত জিম্মী ৱেলছ আৰু লেৰী ছেংগাৰএ ৱিকিপিডিয়া মুকলি কৰে। চেংগাৰে wiki (সহযোগীতামূলক ৱেবচাইট সৃষ্টি কৰিব পৰা এটা প্ৰযুক্তি, হাৱাইয়ান শব্দ wikiৰ পৰা যাৰ অৰ্থ হৈছে "ক্ষিপ্ৰ") আৰু encyclopedia শব্দ দুটা মিলাই Wikipedia শব্দটোৰ উদ্ভাৱন কৰে  and encyclopedia

ৱিকিপিডিয়া বিশেষজ্ঞৰদ্বাৰা লিখা নহয় আৰু ইয়াত থকা বহুতো অবিদ্যায়তনিক বস্তুৰবাবে ই লক্ষ্যণীয় হৈ উঠিছে। 'টাইম' আলোচনীয়ে 'আপোনাক' (you) '২০০৬ চনৰ ব্যক্তি' (Person of the year) হিচাপে নিৰ্বাচন কৰিছিল। এই নিৰ্বাচনৰ ভিত্তি আছিল 'ৱেব-২'-ৰ ভিত্তিত নিযুত ব্যক্তিৰ সংযোগী অৱদানেৰে গঠিত কেবাটও ৱেবছাইটৰ সাফল্য। 'ৱিকিপিডিয়া'কে ধৰি এই 'ৱেব-২'ৰ ভিত্তিত গঢ়ি উঠা ইউটিউব, মাইস্পেচ, ফেচবুক ইত্যাদি ৱেবস্থান প্ৰায় একে ধাৰণাৰে গঠিত।  বিশ্বকোষ সুলভ তথ্যভাণ্ডাৰ হোৱাৰ উপৰিও ৱিকিপিডিয়া এতিয়া খবৰৰ বাবেও জনপ্ৰিয়, যিকোনো খবৰ খুব সোনকালেই ৱিকিপিডিয়াত কেবাজনেও সংগ্ৰহ কৰে, ছপা মাধ্যমে এই খৰতকীয়া গতিৰ লগত তাল ৰখাত অক্ষম হোৱা দেখা যায়। ছাত্ৰসকলক কোনো বিষয়ৰ ওপৰত প্ৰকল্প হিচাপেও প্ৰবন্ধ লিখিবলৈ দিয়া হৈছে।